User:Dharitri saikiaa

From Wikipedia, the free encyclopedia

ছাৰ এণ্ড্ৰউ ৱাইলছ ( ইংৰাজী sir Andrew wiles , ১১ এপ্ৰিল ১৯৫৩ ) এখন প্ৰখ্যাত ইংৰাজী গণিতজ্ঞ । তেওঁক বিশ্বৰ শ্ৰেষ্ঠ সংখ্যাতত্ববিদ সকলৰ মাজৰ এজন বুলি গণ্য কৰা হয় । সংখ্যাতত্বৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৱদান আগবঢ়াইছে যদিও আন এজন গণিতজ্ঞ বাৰি মাজুৰৰ সৈতে ৱাইলছে ' ইৱাছাৱা থিয়ৰী ফৰ চাইক্লটমিক এক্সটেনছনছ দ্য ৰেছনেল ফিল্ডৰ ক্ষেত্ৰত আগবঢ়োৱা মূল ধাৰণাকে এই ক্ষেত্ৰত শ্ৰেষ্ঠ বুলি ধৰা হয়। ।


ছাৰ এণ্ড্ৰউ ৱাইলছ

জন্ম ইংলেণ্ডৰ কেম্ব্ৰিজত

পেছা প্ৰফেছাৰ


জন্ম আৰু বংশ পৰিচয়


১৯৫৩ চনৰ ১১ এপ্ৰিলত ইংলেণ্ডৰ কেম্ব্ৰিজত এণ্ডৰিউ ৱাইলছৰ জন্ম হয় । দেউতাকৰ নাম মৰিছ ফাংক ৱাইলছ আৰু মাকৰ নাম পেট্ৰিটিয়া ৱাইলছ । দেউতাক অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্মতত্বৰ অধ্যাপক আছিল । [ 1 ]

শিক্ষা

ৱাইলছে কেম্ব্ৰিজৰ কিংছ কলেজ আৰু লেছ স্কুলত পঢ়িছিল । ১৯৭৪ চনত অক্সফোৰ্ডৰ মেৰটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । ১৯৮০ চনত ৱাইলছে ডক্টৰেট ডিগ্ৰী লাভ কৰে । [ 2 ]

কৰ্মজীৱন :-

১৯৮৯ চনত পিন্দাটন বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি হয় । ১৯৮৫ - ৮৬ চনত ফ্ৰান্সৰ দুটা শৈক্ষিক প্ৰতিষ্ঠানৰ অতিথি অধ্যাপকৰ দায়িত্ব পালন কৰিছিল । ১৯৮৮  চনৰ পৰা ১৯৯০ চনলৈ ৱাইলছে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত ' ৰয়েল ছ'চাইটি ৰিচাৰ্ছ প্ৰফেছাৰ ' হিচাপে কাম কৰে । তাৰ পিছত আকৌ পিন্দ্ৰাটনলৈ যায় । ২০১১ চনত তেওঁ পুনৰ অক্সফোৰ্ডৰ ৰয়েল ছ'চাইটি ৰিচাৰ্ছ প্ৰফেছাৰৰ দায়িত্ব লৈ ইংলেণ্ডলৈ ঘূৰি আহে [3]

বঁটা আৰু সন্মান :-

১ হোৱাইটহেড পুৰস্কাৰ ( ১৯৯৮ )

২ ফামেট পুৰস্কাৰ ( ১৯৯৫ )

৩ ৱলফ পুৰস্কাৰ ( ১৯৯৫ - ৯৬ )

৪ ৰয়েল মেডেল ( ১৯৯৬ )

৫ শ্ব' পুৰস্কাৰ ( ২০০৫ ) [ 4 ]

ৱাইলছৰ সন্মানাৰ্থে ১৯৯৯ চনত গ্ৰহানু এটাক ' এষ্টেৰইড ১৯৯৯ ৱাইলছ ' নামেৰে নামাকৰণ কৰা হয় । তদুপৰি অক্সফোৰ্ড বিশ্ববিদ্যালয়ে তেওঁৰ নাম যুগমীয়া কৰি ৰাখিবৰ বাবে তেওঁলোকৰ গাণিতিক প্ৰতিষ্ঠান ভৱনটোক ৱাইলছ নামেৰে নামাকৰন কৰিছে [ 5 ]


তথ্যসূত্ৰ :-


1. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা: অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৭৮

2. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা: অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৭৮

3. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ ,সম্পা: অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৭৯

4. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ ,সম্পা: অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৭৯

5. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ ,সম্পা: অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৯০ ছাৰ এণ্ডউ ৱাইলছ