Jump to content

User:পাৰ্থপ্ৰতিম মহন্ত

From Wikipedia, the free encyclopedia

বৰভকতি সত্ৰৰ ইতিবৃত্ত: ( Brief history of Borbhakati Satra)

শ্ৰীশ্ৰীবৰভকতি সত্ৰ :-(Sri Sri Borbhakati Satra)

শ্ৰীমন্ত শঙ্কৰদেৱৰ আজ্ঞাপৰ ধৰ্মাধিকাৰ 'কাশ্যপ' গোত্ৰীয় সতানন্দদেৱ (বৰভকত আতা)ৰ জ্যেষ্ঠপুত্ৰ জয়কৃষ্ণদেৱৰ মৃত্যুৰ পিছত পুৰণিগড় সত্ৰ(পুৰণিঘৰ)ৰ পৰা জয়কৃষ্ণদেৱৰ বাকী পুত্ৰসকল আৰু নাতিসকলে বেলেগে বেলেগে সত্ৰ পতাৰ সিদ্ধান্ত লয়। জয়কৃষ্ণদেৱৰ তিনি পুত্ৰৰ দ্বিতীয়জন বলাইৰামদেৱে উত্তৰ-পূৱলৈ আহি স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত ১৬৬৭ খ্ৰীষ্টাব্দ (১৫৮৯ শক)ত বৰভকতি সত্ৰ প্ৰতিষ্ঠা কৰে। পূৰ্বতে গুৰুজনাই সতানন্দদেৱৰ মূখৰ পৰা তেওঁৰ চাৰিপুত্ৰ অৰ্থাৎ চাৰিকৃষ্ণৰ নাম শুনি আৰু সতানন্দদেৱৰ গুণত মুগ্ধ হৈ তেখেতক 'বৰভকত' সন্মানেৰে বিভূষিত কৰিছিল। পিতামহ সতানন্দদেৱৰ গুৰুপ্ৰদত্ত সেই সন্মানৰ স্মৃতি যুগমীয়া কৰিবলৈ বলাইৰামদেৱে সত্ৰৰ নাম 'বৰভকতি' ৰাখে। গুৰুজনাই সতানন্দদেৱৰ মুখত তেৰাৰ চাৰিপুত্ৰ জয়কৃষ্ণ, মহাকৃষ্ণ, ত্ৰাহিকৃষ্ণ আৰু শ্ৰীকৃষ্ণ বা বাপুকৃষ্ণদেৱৰ নাম শুনি আচৰিত হৈ কৈছিল, "বসুদেউৰ গৃহত এক কৃষ্ণ, তোমাৰ গৃহত চাৰিকৃষ্ণ। তুমি বৰভক্ত, তুমি বৰভকত।"

সেই 'বৰভকত' সন্মানৰ স্মৃতিৰেই নাতি বলাই আতাই সত্ৰৰ নাম বৰভকতি ৰাখিলে। বিশ্বনাথৰ চাৰিকৃষ্ণ থানেই চাৰিকৃষ্ণৰ জন্মস্থান। সতানন্দদেৱৰ উপৰিপুৰুষ সদানন্দ গিৰি দেৱ কনৌজৰ পৰা অহা চণ্ডীবৰ প্ৰমুখ্যে সাতঘৰ পণ্ডিত কায়স্থ আৰু সাতঘৰ পণ্ডিত ব্ৰাহ্মণৰ অন্যতম। সদানন্দ গিৰিদেৱৰ পুত্ৰ ভৱানন্দ গিৰিদেৱ, তৎ পুত্ৰ সৰ্ৱানন্দ গিৰিদেৱ, তৎ পুত্ৰ জগতানন্দ গিৰিদেৱ, তৎ পুত্ৰ সতানন্দদেৱ । পূৰ্বতে সতানন্দদেৱ ঘোৰ শাক্ত আছিল, সেয়ে তেওঁৰ আন এটি নাম আছিল দেৱীদাস। পিতৃ-মাতৃৰ প্ৰতি ভক্তি পৰায়ণ আছিল বাবে তেওঁৰ নাম আছিল ভকত বৎসল। দেৱীৰ দ্বাৰা স্বপ্নাদৃষ্ট হৈ শাক্ত ধৰ্ম ত্যাগ কৰি সতানন্দদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। বিশ্বনাথৰ পতিগণ্ড গ্ৰামত সতানন্দদেৱৰ বাসস্থান আছিল। গুৰুজনাৰ পৰা আজ্ঞা লৈ তেখেতে পতিগণ্ডতেই প্ৰথম সত্ৰ পাতিছিল। সতানন্দদেৱৰ পত্নীৰ নাম আছিল ভক্তপ্ৰিয়াদেৱী। সতানন্দদেৱৰ বিয়োগৰ পাছত চাৰিপুত্ৰ উত্তৰপাৰ এৰি কলিয়াবৰলৈ আহি ভাগে ভাগে সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰে। কলিয়াবৰতেইেই চাৰিকৃষ্ণৰ পুত্ৰ, নাতি, পৰিণাতি সকলৰ পৰা সত্ৰৰ বিস্তৃতি হয়।

সত্ৰৰ উপাস্য বিগ্ৰহ তথা পুৰণিকলীয়া সম্পদ সম্পৰ্কে:( Things of archeological importance belonging to Borbhakati Satra)

     বৰভকতি সত্ৰৰ উপাস্য বিগ্ৰহ চতুৰ্ভুজ কলীয়া গোঁসাই মহাপ্ৰভূ। ইয়াৰোপৰি বংশীবাদন, শ্ৰীগোবিন্দ, মদনগোপাল, বাসুদেৱ, চতুৰ্ভূজ বিষ্ণু, লাৰুৱা গোপালৰ বিগ্ৰহ সত্ৰত বিৰাজমান। উপৰিপুৰুষৰ ৰূপৰ খৰম, পিতলৰ বানচৰিয়া আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ প্ৰদত্ত ৰূপৰ মোহৰ এটি সত্ৰত আছে। বহুকেইখন সাঁচিপতীয়া পুথি সত্ৰত বৰ্তমানেও আছে। সত্ৰৰ ডেকাফলীয়া কীৰ্তনগৃহতো সত্ৰীয়া আৰ্হিৰে চতুৰ্ভূজ মূৰ্ত্তি আৰু ভাগৱত প্ৰতিষ্ঠিত। বৰভকতি সত্ৰৰ মূল কীৰ্ত্তনগৃহভাগ 'কলীয়া গোসাঁই থান' নামেৰে জনাজাত। এই সত্ৰৰ আন তিনিভাগ অঙ্গ হৈছে 'ডেকাফলীয়া নামঘৰ', 'চমুৱা বৰনামঘৰ', আৰু 'ভকতৰ খেলৰ নামঘৰ'। 


সত্ৰত অনুষ্ঠিত হোৱা বিভিন্ন তিথি তথা অন্যান্য অনুষ্ঠান: (Festivals and important events)

         শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ মুখ্য উৎসৱ হিচাপে ভাদমাহৰ শুক্লা দ্বিতীয় তিথি সত্ৰৰ আদিপুৰুষ শ্ৰীশ্ৰীসতানন্দদেৱ গোসাঁইৰ তিৰোভাৱ তিথি হোৱা হেতুকে, এই তিথিভাগ উলহ-মালহৰে পালন কৰা হয়। এই তিথি ভাগ মহাপুৰুষ শংকৰদেৱ গুৰুজনা আৰু সত্ৰৰ আদিপুৰুষ সতানন্দদেৱৰ তিথি হেতু তিথিৰ আগদিনাৰ পৰা গন্ধবাদনকে ধৰি তিথিৰ দিনাও বিভিন্ন কাৰ্যসূচী যেনে- প্ৰাত:প্ৰসঙ্গ, পিণ্ডদান, নামপ্ৰসঙ্গ, ভাওনা-সবাহ আদি অনুষ্ঠিত কৰা হয়। কিছুবছৰ আগলৈকে তিথিৰ দিনা বিয়লিৰ ভাগত 'খটাসুৰ বধ' নাটভাগ প্ৰত্যেক বছৰে কৰা হৈছিল। ইয়াৰ উপৰি সত্ৰত ভাদমাহৰ শ্ৰীশ্ৰীমাধৱ পুৰুষৰ তিৰোভাৱ তিথি, জন্মাষ্টমীকে ধৰি  ৰাস পূৰ্ণিমা, ফল্গু পূৰ্ণিমা, তিনি বিহু আদি পালন কৰা হয়। কিছুবছৰ আগলৈকে ফল্গু পূৰ্ণিমাৰ দিনা সত্ৰৰ মহাপ্ৰভূ 'কলীয়া গোসাঁই' পূজা অৰ্চনা কৰি গোসাঁই পৰিভ্ৰমণ কৰোৱা হৈছিল।


সত্ৰৰ চাৰিসীমা:- (Boundary)

পূৱে কলং সুঁতি, পশ্চিমে ঐতিহাসিক জয়সাগৰ দলনি, উত্তৰে পদুম পুখুৰী, নিজ-কলিয়াবৰ গাওঁ আৰু দক্ষিণে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীদুলাল মাধৱ দেৱালয়। এই সত্ৰৰ উত্তৰভাগত শ্ৰীশ্ৰীকাঠপাৰ সত্ৰ প্ৰতিষ্ঠিত (প্ৰতিষ্ঠাৰ সময় ১৮৫৩ খ্ৰীষ্টাব্দ)। শ্ৰীশ্ৰীবৰভকতি সত্ৰ পুৰুষ সংহতিৰ অন্তৰ্গত সতানন্দী থুলৰ সত্ৰ। উল্লেখযোগ্য যে সতানন্দদেৱৰ চাৰিপুত্ৰ কলিয়াবৰলৈ অহাৰ পাছত জ্যেষ্ঠজন জয়কৃষ্ণদেৱে প্ৰথমে জয়সাগৰৰ পাৰত খুঁটা মাৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সেই ঠাই এতিয়াও খুঁটামৰা নামে পৰিচিত। তাত কিছু অসুবিধা পাই 'বৰাগা আলি'ৰে গৈ পূৱথৰীয়া গ্ৰামত গড় মাৰি সত্ৰ পাতিলে। সেইভাগ পুৰণিগড় বা পুৰণিঘৰ সত্ৰ। সেই সত্ৰতে জয়কৃষ্ণদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হয়। তাৰপিছত তেওঁৰ দ্বিতীয় পুত্ৰ বলাইৰামদেৱ উত্তৰ-পূৱলৈ আহি সেইসময়ৰ জুলিয়ৰী গ্ৰামত বৰভকতি সত্ৰ স্থাপন কৰে।

সমাপ্তি: (Conclusion)

        শ্ৰীশ্ৰীবৰভকতি সত্ৰই সত্ৰীয়া সংস্কৃতিৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ প্ৰয়াস কৰি আহিছে। গুৰুজনাসৃষ্ট গীত, বাদ্য, নৃত্য, নাট্যৰ চৰ্চা অব্যাহত ৰাখিছে। বিশেষকৈ ভাওনা সংস্কৃতিৰ চৰ্চা বৰভকতি সত্ৰত অবিৰতভাৱে চলি আছে।
        এই সত্ৰৰ গুৰু পৰিয়ালৰ লগতে আন আন মূখ্য পৰিয়াল কেইটা হৈছে - প্ৰখ্যাত দৈৱজ্ঞ কলীয়া দলৈৰ পৰিয়াল, ভকতৰ পৰিয়াল, লাখটকীয়া পৰিয়াল, কাকতি পৰিয়াল, বৈৰাগী খাউণ্ডৰ পৰিয়াল, শইকীয়া পৰিয়াল, হাজৰিকা পৰিয়াল, ৰূদাই কলিতাৰ পৰিয়াল, চাউলখোৱা পৰিয়াল, ফুকনৰ পৰিয়াল আৰু বেথাৰাম খাওঁন্দৰ পৰিয়াল।
       বৰ্তমানলৈকে শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ গুৰুশৈলী এনেধৰণৰ :- (Hereditary lineage)

শ্ৰীমন্ত শঙ্কৰদেৱ - শ্ৰীশ্ৰীসতানন্দদেৱ - জয়কৃষ্ণদেৱ - বলাইৰামদেৱ - ভূষণদেৱ - ৰামচন্দ্ৰদেৱ - লক্ষ্মণদেৱ - পৰমানন্দদেৱ - ৰঙাচৰণদেৱ - ৰঘুনাথদেৱ - হৃদয়ানন্দদেৱ - জগন্নাথদেৱ - কেশৱচন্দ্ৰদেৱ - পদ্মনাথদেৱ - ৰামচন্দ্ৰদেৱ - মুহিকান্তদেৱ - যোগেশ্বৰদেৱ - বিশ্বনাথদেৱ - পূৰ্ণচন্দ্ৰদেৱ - শুভচন্দ্ৰদেৱ - পদ্মকান্তদেৱ - কনকচন্দ্ৰদেৱ - প্ৰভাতচন্দ্ৰদেৱ - গোলোকচন্দ্ৰদেৱ - শ্ৰীধীৰেনচন্দ্ৰ ।