Jump to content

User:মমী দত্ত

From Wikipedia, the free encyclopedia

আহোম যুগৰ স্থাপত্য


           আহোম যুগৰ স্থাপত্যৰ চানেকি বৰ্তমানেও অক্ষত অৱস্থাত দেখা পোৱা যায়। সেমেকা জলবায়ু, ভূমিকম্প আৰু বানপানীৰ গৰাহত পৰি অনেক সম্পদ কালৰ বুকুত হেৰাই গ'ল যদিও ৰংঘৰ,তলাতল ঘৰ,শিলৰ সাঁকো আৰু গড় - আলি আদিয়ে সেই যুগৰ স্থাপত্য বিদ্যাৰ প্ৰমাণ দাঙি ধৰে। প্ৰথম অৱস্থাত চাঙঘৰ আছিল যদিও পাছলৈ সাধাৰণ মানুহে কাঠ- বাঁহৰ ঘৰত বাস কৰিছিল। ৰজাৰ কাৰেং,পাটঘৰ , শিঙৰী ঘৰ আৰু হোলোং ঘৰ আদি দুমহলীয়া চাংঘৰ আছিল। গদাধৰ সিংহৰ দিনলৈকে ৰজাৰ কাৰেং কাঠ-বাঁহৰ আছিল। সাধাৰণ মানুহৰ ঘৰবোৰ দুচলীয়া আছিল।
            ৰংঘৰ, তলাতল ঘৰ, কাৰেং আদিৰ দুৱাৰ-খিড়িকিত সামান্য পৰিমাণে পাৰ্চী বা মোগলাই আৰ্হি থকা যেন লাগিলেও প্ৰকৃততে আহোম যুগত অসমীয়াৰ এটি স্বকীয় স্থাপত্য শৈলীৰ লগত হুবহু মিল থকাটোৱে নিজা টাই স্থাপত্যৰ প্ৰভাৱৰো সূচনা কৰে। এইক্ষেত্ৰত অসমীয়া শিলাকুটি,বাঢ়ৈ আৰু খনিকৰৰ কৃতিত্ব শলাগ ল'ব পাৰি। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰ নগৰৰ পকী ঘৰ নিৰ্মাণ কৰিবলৈ কোচবিহাৰৰ পৰা ঘনশ্যাম কাৰিকৰক অনাইছিল যদিও প্ৰকৃততে গঢ় দিছিল অসমীয়া বনুৱাসকলেহে। সকলেহে। ৰংঘৰৰ চাল খন পুৰণি দুইতৰপীয়া ঘৰৰ আৰ্হিৰ।
            আহোম যুগত নিৰ্মিত গড়গাঁৱৰ কাৰেং ঘৰ,ৰংপুৰৰ তলাতল ঘৰ আৰু ৰংঘৰৰ চানেকি স্থানীয় প্ৰয়োজনীয়তাৰ ভিত্তিত নিৰ্মিত; কিন্তু মন্দিৰ বিলাক উত্তৰ ভাৰতীয় "নাগৰ শৈলী"ৰ।নাগৰ শৈলীক অনুকৰণ কৰিলেও আৰু অগ্নিপুৰাণৰ উল্লেখ অনুসৰি শিৱ, বিষ্ণু আৰু দেৱীদ'লৰ  ভাস্কৰ্য অংকিত হ'লেও অসমৰ আহোম যুগৰ মন্দিৰ বিলাকত এটা স্বকীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। জয়সাগৰৰ পশ্চিম পাৰৰ নামনিত ' নাতি গোসাঁইৰ দ'ল'গৌড়ীয় আৰ্হিৰ পোৰা মাটি ভাস্কৰ্যৰ উৎকৃষ্ট আহোম যুগীয়া নিদৰ্শন। আহোম ৰজাৰ মৈদামসমূহো স্থপতি বিদ্যাৰ এক বিশেষ নিদৰ্শন।
            এই সমূহৰ উপৰিও আহোম যুগত সৰু নৈ আৰু জান-জুৰিৰ ওপৰত শিলৰ সাঁকো তৈয়াৰ কৰা হৈছিল। তাৰে ভিতৰত নামদাং নৈৰ শিলৰ সাঁকোৰ গাঁঠনি অতুলনীয়। তাৰোপৰি অসংখ্য আলি,গড়, পুখুৰী নিৰ্মাণ কৰাৰ উপৰিও ঠায়ে ঠায়ে পানী অহা যোৱা কৰিব পৰাকৈ পকী ধোন্দ নিৰ্মাণ কৰিছিল।
            এই সকলোবোৰেই আহোম যুগৰ স্থাপত্যৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে।


সহায়ক গ্ৰন্থ:- অসমৰ সংস্কৃতি : লীলা গগৈ ।