User:Abdur Rashid Choudhury
আকাশবন্তি
কাতি মাহত আকাশবন্তি জ্বলাই শাৰী শাৰী
আমি সাধাৰণতে আকাশবন্তি বুলি কওঁ যদিও অভিধানত আকাশবন্তিৰ পৰিৱৰ্তে আকাশ-বাতী শব্দটোহে পোৱা যাই। হেমকোষকে আদি কৰি প্ৰায়বোৰ অসমীয়া অভিধানত উল্লেখ কৰা মৰ্মে অকাশ-বাতী হ’ল বৰ ওখত লগোৱা চাকি। কাতি মাহত বাঁহ পুতি তাৰ ওপৰত লগোৱা চাকি। অভিধানত আকাশ-বাতী বুলি কোৱা বস্তু পদেই চহা জীৱনৰ আকাশবন্তি। কাতি বিহুৰ দিনা এক নিৰ্দিষ্ট পৰম্পৰাৰে উঠোৱা হয় আৰু সমগ্ৰ মাহটোত এই কাম কোনো ধৰণৰ বিৰতি নোহোৱাকৈ কৰা হয়। যিজন ব্যক্তিয়ে এই আকাশবন্তি জ্বলাই তেওঁ গোটেই মাহজুৰি ব্ৰত পালন কৰিব লাগে। এতিয়া আহো এই বন্তি উঠোৱা আৰু নমোৱাৰ লগত জড়িত থকা পৰম্পৰাৰ কথালৈ। আকাশবন্তি কাতি বিহুৰ দিনা অৰ্থৎ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা উঠোৱা হয়। প্ৰথম দিনা চাকি উঠোৱাৰ পূৰ্বে তুলসী পূজা আৰু বিষ্ণু পূজা কৰা হয়। সত্ৰ সমূহত ইয়াৰ লগতে ভকত সকলে বন্তি গছি তিনিবাৰ প্ৰদক্ষিণ কৰে। প্ৰদক্ষিণৰ সময়ত তেওঁলোকে সংকীৰ্তন কৰে। লগতে থলুৱা লোক বাদ্যৰ প্ৰদৰ্শন কৰে। সত্ৰত এই সমগ্ৰ কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে সত্ৰাধিকাৰ সকলে। সত্ৰাধিকাৰৰ অনুপস্থিতিত এই কাম সমাপন কৰে বৰপূজাৰীয়ে। যিজন ব্যক্তিয়ে এই আকাশবন্তি জ্বলোৱাৰ দায়িত্ব পালন কৰে তেওঁ গোটেই মাহজুৰি নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে দিনটো উপবাসে থাকে। তেওঁ দিনটোত মাত্ৰ এসাঁজ ভাতহে খাই। ঠিক একেদৰে কাতি আৰু আঘোণ মাহৰ সংক্ৰান্তিৰ দিনা বন্তি গছি যেতিয়া নমোৱা হয় নাম প্ৰসংগ কৰা হয়। সত্ৰৰ লগতে বহু মানুহৰ ঘৰতো আকাশবন্তি জ্বলোৱা হয়। সেই সময়তো একে নিয়ম মানি চলা হয়। ঠাই ভেদে ইয়াৰ নিয়মৰ কিছু পৰিৱৰ্তন হলেও জ্বলোৱা ব্যক্তিজন উপবাস থকাটো সকলো ঠাইতে বাধ্যতামূলক। আউনীআটী সত্ৰত মহা আড়ম্বৰে আকাশবন্তি প্ৰজ্বন কাৰ্য ৰূপাযন কৰা হয়। আকাশবন্তিৰ লগত জড়িত হৈ আছে ধৰ্মীয় বিশ্বাস। দুৰ্গা পূজাৰ আগৰ কৃষ্ণ পক্ষটোক প্ৰেত পক্ষ বোলা হয়। সেই সময়ত পূৰ্ব পুৰুষ সকলৰ আত্ম মৰ্ত্যলৈ পিণ্ড বিচাৰি নামি আহে। এই আত্ম সকলৰ বাবে পাৰাবন শ্ৰাদ্ধ সম্পন্ন কৰা হয় কোনো কোনো স্থানত। ইয়াৰ পিছতো এই আত্মা সকলে মৰ্ত্ত্যত ঘূৰি পকি পৃথিৱীৰ সৌন্দৰ্য্য উপভোগ কৰি থাকে। তেওঁলোকক স্বৰ্গলৈ পথ দেখুওৱাৰ বাবে এনেদৰে ওখকৈ বন্তি জ্বলোৱা হয়। আন বিশ্বাস মতে খেতি পথাৰ শস্য শ্যামলা কৰাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আকাশবন্তি জ্বলোৱা হয়। আকাশবন্তি জ্বলোৱা পৰম্পৰাৰ লগত কাতি বিহু জড়িত হৈ থকাৰ বাবে আমি কেৱল অসমীয়া মানুহে ইয়াক জ্বলাই বুলি ধাৰণা হয়। কিন্তু কথাটো তেনে নহয়। নেপালী সম্প্ৰদায়ৰ লোক সকলেও আকাশবন্তি জ্বলাই। তেওঁলোকে খেতি পথাৰ নদন বদন কৰি তুলিবলৈ ভগৱানক প্ৰাৰ্থনা জনাই কাতি মাহ জুৰি এনেদৰে চাকি দিয়ে। আকাশবন্তি জ্বলোৱা আমাৰ সমাজৰ পুৰণি পৰম্পৰা হলেও বহু ঠাইত ইয়াৰ প্ৰচলন হ্ৰাস পাইছে। ইয়াৰ মূলত হ’ল মানি চলিব লগীয়া নিয়ম সমূহ। মানুহে ইয়াৰ লগত জড়িত থকা নীতি নিয়ম সমূহ মানি চলাটো কঠিন কাৰণে লোক সকলে আকাশবন্তি জ্বলোৱা ত্যাগ কৰিছে। লোক সংস্কৃতিৰ এক আধাৰ হিচাপে ইয়াক জীয়াই ৰখাৰ বাবে সসকলোৱে চেষ্টা কৰা উচিত