Jump to content

User:Baijit Bustamin

From Wikipedia, the free encyclopedia

নিজামুদ্দিন মৰ্কজ আৰু তাবলীগ জামাত এক তথ্যমূলক আলোচনা।

   অৱশেষত আমাৰ ধাৰণা নিজামুদ্দিন মৰ্কজ আৰু তাবলীগ জামাত এক তথ্যমূলক আলোচনা। ভাৰতবৰ্ষৰ পৰা জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বেশেষে কৰোনাৰ দৰে মাৰাত্মক ভাইৰাছটিক সকলোৱে একগোট হৈ ইয়াক চিৰবিদায় দিম। ঠিক তেনেসময়ত দেশটিত আৰম্ভ হ'ল নতুন এক বিতর্ক। অত্যন্ত সক্রিয় মিডিয়াৰ জৰিয়তে যি বিতর্কৰ সৃষ্টি হৈছে আশা কৰো এই সম্পৰ্কে সকলোৱে জ্ঞাত। সেয়া হ'ল নিজামুদ্দিন মৰ্কজত তাবলীগ জামাতৰ অনুষ্ঠানৰ জৰিয়তে কৰোনা ভাইৰাছ সমগ্ৰ দেশতেই বিয়পাই দিছে। ভাৰতৰ প্রশাসনতন্ত্ৰই ইয়াৰ কাৰণ আৰু সম্ভাব্যক লৈ যেতিয়া অধিক উত্তাল, তেতিয়া এই ভয়াৱহ পৰিণতিৰ কথা ভাৱি সকলোৱে চিন্তনীয়, ঠিক তেনেস্হলত আবিৰ্ভাৱ ঘটিল দুটা বিতৰ্কৰ কথা। এটা হ'ল তাবলীগ জামাত আৰু আনটো হ'ল নিজামুদ্দিন মৰ্কজ। এই দুখন প্রতিষ্ঠানৰ কার্যকলাপক লৈ যেতিয়া এই বিতর্কৰ জুই আমাৰ মাজত দাউ-দাউকৈ জ্বলে, তেতিয়া অৱশ্যই আমাৰ প্রয়োজন আছে এই দুটা প্রতিষ্ঠান সম্পর্কে প্রাথমিক ধাৰণা সম্পৰ্কে জনাৰ। আলোচ্য নিবন্ধটিত আমি তাবলীগ  জামাত আৰু নিজামুদ্দিন মৰ্কজ সম্পর্কে জানিবলৈ চেষ্টা কৰিম।

*তাবলীগ জামাতৰ প্রাথমিক পৰিচয়ঃ*

এই সম্প্রদায়ৰ আৰম্ভণী ছুন্নি মুছলিম সম্প্রদায়ৰ অন্তর্গত এক ধর্মভীৰু দলৰ পৰা। মূলত দক্ষিণ এছিয়াৰ পৰা এই গোষ্ঠীটোৰ সম্প্রসাৰণ হৈছে। অমুছলিম পাঠক মাত্রই ভাৱিব পাৰে যে, কোন সম্প্রদায়ৰ মানুহ এই তাবলীগ জামাতৰ সৈতে যুক্ত। এই গোষ্ঠীটো সমগ্র ছুন্নী মুছলিম গোষ্ঠীৰেই প্রতিনিধিত্ব নকৰে। বিশ্বৰ প্রায় ৮০ কোটি মানুহ এই সম্প্রদায়ভুক্ত। ভাৰত, পাকিস্তান  বাংলাদেশ, যুক্তৰাজ্য, মালেছিয়া, দক্ষিন আফ্ৰিকা, মাৰ্কিন যুক্তৰাষ্ট্ৰ, শ্ৰীলঙ্কা আদিকে কৰি পৃথিৱীৰ প্ৰায়বোৰ মুছলিম ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত ইয়াৰ বিস্তাৰ।


তাবলীগ জামাতৰ আৱির্ভাবঃ

মুছলমানে বিশ্বাস কৰে যে, ইছলাম হ'ল মহান আল্লাহ তা'লাৰ মনোনীত একমাত্র পূর্ণাঙ্গ জীৱনব্যৱস্থা। সমগ্ৰ বিশ্বৰ মানৱৰ ওচৰত ইছলামৰ বাণী পৌঁছায় দিয়াৰ বাবে মহান আল্লাহ তা'লাই পৃথিৱীত অসংখ্য নবী আৰু ৰচুল প্রেৰণ কৰিছিল। যিহেতু হজৰত মোহাম্মদ (চঃ) আছিল মহান আল্লাহৰ শেষ বাৰ্তাবাহক, তেখেতৰ পিছত এই পৃথিৱীত আৰু কোনো নবী অথবা ৰচুলৰ আগমন নঘটে। সেয়েহে হজৰত মোহাম্মদ (চঃ)-য়ে বিদায়ী হজ্বৰ ভাষণত মুছলমান সকলক ইছলামৰ দাওৱাত দিয়াৰ দায়িত্বটি সমগ্ৰ উম্মতে মুছলিমাহৰ ওপৰত অৰ্পন কৰি থৈ যায়। গতিকে এই সম্পৰ্কে মুছলমান সকলৰ ধর্মগ্রন্থ পবিত্ৰ ক্বুৰআনতো উল্লেখ আছেঃ

তোমলোকেই শ্রেষ্ঠ উম্মত, মানুহৰ (কল্যাণৰ) বাবেই তোমালোকক সৃষ্টি কৰা হৈছে। তোমালোকে মানুহক সৎ কামৰ আদেশ দিয়া আৰু অসৎ কামৰ নিষেধ কৰা।" (ছুৰা আল-ইমৰান, আয়াত-১১০)

তাতকৈয়ো ভাল কথা আৰু কি হ'ব পাৰে, যি মানুহক আল্লাহৰ ফালে আহ্বান কৰে, নিজেও ভাল কাম কৰে আৰু আনজনকো ভাল কাম কৰিবলৈ উদ্বুদ্ধ কৰে, আমি সাধাৰণতে মুছলমান সকলৰ মাজত এজন। (ছুৰা, হা-মীম ছিজদা আয়াত-৩৩)

ইছলামৰ প্রাথমিক যুগত, মোহাম্মদ (চঃ)-ৰ মৃত্যুৰ পিছত তেখেতৰ আদর্শস্নাত চাহাবী, তাবেয়ী, তবে-তাবেয়ীন সকলৰ জৰিয়তে ইছলামী জীৱন বিধান প্রচাৰ ও প্রসাৰৰ ক্ষেত্ৰে  বিস্তৃতি লাভ কৰে। কিন্তু মুছলিম শাসক সকলৰ ক্ষমতা বিলুপ্তিৰ পিছত ইছলামী প্রচাৰ, প্ৰসাৰৰ ক্ষেত্ৰে কিছু হ'লেও বাধা আহি পৰে। এনে অৱস্থাৰ পৰা পৰিত্রাণ পাবলৈ মুছলিম মনীষি সকলৰ প্রচেষ্টাও অব্যাহত আছিল। তেনে পৰিস্থিতিত হজৰত মৌলানা ইলিয়াছ (ৰঃ)-য়ে সম্ভৱত ১৯২৬-১৯২৭ খ্ৰীষ্টাব্দত ভাৰতৰ দিল্লীত তাবলীগ জামাতৰ সূচনা কৰে আৰু তাৰ নিৰলস প্রচেষ্টাৰ ফলত তাবলীগ জামাত এটি বহুল প্রচাৰিত আন্দোলনৰ ৰূপত পৰিগণিত হয়। মুঠতে গোটেই বিশ্বত ইছলামৰ দাওৱাত পৌঁছাই দিয়াটোৱেই হ'ল তাবলীগ জামাতৰ মূল  উদ্দেশ্য।

নিজামুদ্দিন মৰ্কজ আৰু তাবলীগ জামাতৰ প্ৰাথমিক ধাৰণাঃ

তাবলীগ জামাতৰ কাম মৌলানা ইলিয়াছ (ৰঃ)-য়ে নিজামুদ্দিনক কেন্দ্ৰবিন্দু হিচাপে লৈ তাৰ পৰাই প্ৰতিষ্ঠ কৰিছিল। প্ৰতিষ্ঠালগ্নৰ পৰাই জামাতৰ মূল আৰু সর্বাপেক্ষা ধর্মীয় কেন্দ্র নিজামুদ্দিনক লৈ বহু বিতৰ্কৰ সন্মুখীন হৈছিল, যদিও কোনো বিৰোধী শক্তিয়েও তাক ক্ষতি কৰিব পৰা নাই। দক্ষিন দিল্লীত অৱস্থিত এই নিজামুদ্দিন মৰ্কজতেই সাম্প্রতিক সময়ত বার্ষিক উপাসনা অনুষ্ঠিত হৈছিল, যি যুগ-যুগ ধৰি চলি আহিছিল। অত্যাধিক জনসমাগমৰ বাবে মৰ্কজৰ নিচেই ওচৰতে আৰক্ষীনিৱেশ আৰু এখন ৰেলৱে ষ্টেচনো অৱস্থিত। কেৱল নিজামুদ্দিনতেই নহয়, প্রতিটি দেশতেই থাকে ইয়াৰ এটিকৈ মূল কেন্দ্র। এই সংগঠনটি বিশ্বস্ত, কর্মঠ স্বেচ্ছাসেৱক সকলৰ হাততহে থাকে দায়িত্বত।

    দীর্ঘদিন পর্যন্ত তাবলীগ জামাতৰ মুখ্য ব্যক্তিজনক আমীৰ হিচাপে চিহ্নিত কৰা হয়। প্রতিষ্ঠাতা মৌলানা ইলিয়াছ (ৰঃ)-য়েই আছিল প্রথম আমিৰ। ৯০ দশকত বয়জ্যেষ্ঠ আৰু পণ্ডিত ধর্মগুৰু সকলক লৈ শুৰা গঠিত হয় যাৰ ওপৰত আমীৰ নির্বাচনৰ দায়িত্ব থাকে। তেওঁলোকে স্থায়ী আমীৰৰ কাৰণে শুৰাৰ সদস্য সকলৰ মাজৰে পৰাই সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি এজন আমীৰ নিৰ্বাচিত কৰে। বর্তমান সংগঠনটিৰ আমীৰ মৌলানা সাদ চাহাব, যাক আমি সাম্প্রতিক সময়ত বিতর্কৰ মূলবিন্দুত উপনিত হোৱা দেখিছো।

ধর্মপ্রচাৰৰ সূচনাঃ

  বিভিন্ন সংবাদপত্রৰ জৰিয়তে দেখিবলৈ পাইছো, দিল্লী সমাবেশৰ পিছত তাবলীগ জামাতৰ সদস্য সকলক দেশৰ নানান প্রান্তৰ মছজিদৰ পৰা উদ্ধাৰ কৰা হৈছে। তাবলীগ ধর্মগুৰু সকলে বছৰে ১২০ বা ১৫০ দিন পৰ্যন্ত পৃথিৱীৰ নানা প্রান্ততে ধর্মপ্রচাৰৰ পৰামর্শ দিয়ে। তেওঁলোকে য'তেই ধৰ্ম প্রচাৰ কৰিবলৈ যায়, সেই অঞ্চলৰ মছজিদতেই তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা কৰা হয়। কিছুমান স্থানীয় তাবলীগি নেতৃস্থানীয় মানুহে এওঁলোকক গাইডনুযায়ী বিভিন্ন স্থানত ধর্মপ্রচাৰ কৰিবলৈ লৈ যায়। ধর্মীয়গুৰু সকলে স্থানীয় মানুহৰ ওচৰলৈ গৈ আল্লাহৰ মহত্ব ও বড়ত্বৰ কথা কয় আৰু মছজিদত আহি তেওঁলোকৰ সৈতে একত্রে মাগৰিব অথবা যিকোনো নামাজৰ আহ্বান জনায়। নামাজ সম্পন্ন হোৱাৰ পিছত অথবা আগত ইছলাম ধর্মৰ তত্ত্ব আৰু তাবলীগ সম্প্রদায়ৰ মতাদর্শ সম্বন্ধে সাধাৰণ মানুহক অৱহিত কৰা হয়। এই প্রক্রিয়াক তাবলীগ নেতৃবৃন্দই অত্যন্ত গুৰুত্ব সহকাৰে পালন কৰাৰ চেষ্টা কৰে, কাৰণ এয়াই প্রচাৰবিমুখ মুঠতে এই সম্প্রদায়ৰ এয়াই প্রচাৰৰ একমাত্র পন্থা। মূলত মুছলিম জনসাধাৰণৰ মাজতেই এই প্রচাৰানুষ্ঠান সিমাবদ্ধ থাকিলেও অমুছলিম এলেকাতো কেতিয়াবা তাবলীগি কর্মসূচী লয়। যদিও মূলত মুছলিম জনসাধাৰণেই এই কর্মসূচীৰ মূল লক্ষ্য।

তাবলীগ জামাতৰ বর্তমান প্রধান আমীৰ মৌলানা সাদ সমালোচনা আৰু সীমাবদ্ধতাঃ

    ১। অনেক সমালোচকে ধাৰণা কৰে যে, মধ্যযুগৰ আৰবী সংস্কৃতিলৈ উভতি যোৱাৰ আহ্বানবোৰ মূলতে আধুনিকতা বিৰোধী আৰু দেশীয় বৈশিষ্ট্য ৰক্ষাৰ পৰিপন্থী।

    ২। অনেকে আকৌ বিশ্বাস কৰে যে, নাৰীসকলে ভীষণ পৰাধীন এই মতবাদনুযায়ী। কাৰণ নাৰীসকল ঘৰৰ অভ্যন্তৰত থকা আৰু পুৰুষৰ মতানুযায়ী জীৱন যাপন কৰাৰ আদেশ দিয়া হয়, যি মূলতে মনোবিজ্ঞান বিৰোধী। লিঙ্গ বৈষম্য আধুনিক সমাজে য'ত অস্বীকাৰ কৰে, তেতিয়া কেনেদৰে তাক উৎসাহ দিয়া হয় সেয়াও কিন্তু বিতর্কৰ বিষয়। যদিও তাবলীগ কর্তৃপক্ষ বৰ্তমান সময়ত নাৰীসকলক ধর্মীয় প্রচাৰত উৎসাহিত কৰে।

    ৩। অনেক সমাজবিজ্ঞানী সকলে ধাৰণা কৰে যে, ধর্মীয় অত্যাধিক হস্তক্ষেপত ব্যক্তি স্বাধীনতা নষ্ট হৈ পৰে। এনে মতবাদক অত্যাধিক গোড়ামী বুলিও মত পোষণ কৰে একাংশ পণ্ডিতে।

    ৪। ইছলাম ধর্মৰ অনুসৰণকাৰী সকলৰ মাজৰে পৰাই একাংশই আকৌ তাবলীগ জমাতৰ বিৰোধীতা কৰে। চৌদি আৰবৰ প্রাক্তন গ্র্যাণ্ড মুফতি আবদুল আজিজ ইবনে বাজৰ মতে, ইছলামৰ মূল আদর্শৰ পৰা তাবলীগৰ কার্যকলাপ কিছুক্ষেত্রত পৃথক। অনেক ইছলামিক পণ্ডিতে আকৌ এই মতবাদক ভিত্তিহীন বুলি ভাৱি বতাহত উৰুৱাই দিয়ে।

   ৫। মুছলিম সম্প্রদায় সকলৰ অনেকে আকৌ বিশ্বাস কৰে যে ৰাজনৈতিক নিৰপেক্ষতাৰ যুক্তি দেখুৱাই ৰাজনৈতিক কাৰণত মুছলিম নির্যাতনৰ সময়ত নামতহে থাকে তাবলীগ।

    ৬। আমেৰিকা, ইংলেণ্ডৰ কিছুমান গোৱেন্দা বাহিনীয়ে তদন্তক্ৰমে দাবী কৰে যে, উপৰে উপৰে নিৰপেক্ষ থাকিলেও কিছুসংখ্যক তাবলীগ সদস্য ধর্মীয় চৰমপন্থী, আনকি জঙ্গি সংগঠনৰ সৈতেও সমানে সংপৃক্ত। পাকিস্তানৰ আভ্যন্তৰীণ তদন্তক্ৰমে ৯০-ৰ দশকত বেনজিৰ ভুট্টো চৰকাৰৰ বিৰুদ্ধে সংঘটিত অভ্যুত্থানৰ পচ্ছাদগামীতাত এই সম্প্রদায়ৰ উচটনি বুলি দাবীও কৰিছিল। এয়াও অভিযোগ কৰা হয় যে, দেশৰ তৰুণ প্রজন্মৰ মনত সাম্প্রদায়িক বিষ বিয়পাইছে এই সম্প্রদায়টিয়ে। ফলস্বৰূপে পাকিস্তানৰ অন্তর্গত পাঞ্জাবত কলেজ-বিশ্ববিদ্যালয় চৌশদত তাবলীগৰ প্রচাৰ-প্ৰসাৰ পৰ্যন্ত নিষিদ্ধ কৰা হৈছিল।

নিজামুদ্দিন মৰ্কজঃ

    অনেকে আকৌ কৈছে, এই সম্প্রদায়ৰ মতামত প্ৰত্যক্ষভাৱে ধর্মনিৰপেক্ষতাৰ বিৰুদ্ধে, সহিষ্ণুতাৰ বিৰুদ্ধে। যদিও বিভিন্ন ক্ষেত্রত তাবলীগ সম্প্রদায়ে সেয়া অস্বীকাৰ কৰে তথাপিও ওলোটা তেওঁলোকে দাবী কৰে তেওঁলোকে কেতিয়াও দেশৰ সংবিধান বিৰোধী কোনো কাম নকৰে। অথচ বাস্তৱ ক্ষেত্ৰতো সেয়াই দেখা যায়।

   অৱশেষত কওঁ এয়া এক তথ্যমূলক প্ৰৱন্ধ। সাম্প্রতিক বিতর্কৰ সৈতে কোনো নতুন মাত্রা যোগ দিয়াৰ অভিপ্রায় আমাৰ ISRRA-ৰ নাই। পৃথিৱীৰ বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিয়ে এই সংগঠনৰ ইতিহাঁস তথা তাৰ স্বৰূপ সম্পর্কে কোনো ধাৰণা নথকাত এই তথ্যমূলক নিৱন্ধটি পাঠকৰ সন্মুখত তুলি ধৰা হ'ল। মুছলিম সম্প্রদায়ৰ সকলোবোৰ মানুহেই তাবলীগ জামাতৰ অনুসাৰী নহয়। আকৌ, তাবলীগ জামাতৰ সকল অনুসাৰী বা নিজামুদ্দিন মৰ্কজত উপস্হিত থকা সকল ধর্মপ্রাণ মানুহেই অপৰাধী এই সৰলীকৰণৰো পক্ষপাতী নহয়। সেই বাবে এই সংগঠনৰ ঐতিহাসিক তথা ধর্মতাত্ত্বিক আদর্শ বিষয়ক এটি আলোচনাহে কৰা হ'ল। দেশৰ সংবিধানৰ প্ৰতি আস্থা ৰাখি। উচিত তদন্ত কৰি তাবলীগ জমাতৰ সৈতে যুক্ত কোনো ব্যক্তিয়ে যদি কিবা দোষ কৰে সিহঁতক উপযুক্ত শাস্তিৰ দাবী কৰে। তাৰ সমান্তৰালকৈ জনগণৰ ওচৰত ধর্মীয় উচটনিমূলক গজববোৰ প্ৰচাৰ নকৰিবলৈ একাংশ বৈদুতিন মিডিয়াক অনুৰোধ কৰে। মোৰ দৰে এজন ক্ষুদ্ৰ ব্যক্তিয়ে বিশ্বাস ৰাখে যে, জাতি, ধর্ম, বর্ণ নির্বিশেষে সকল ভাৰতবাসীয়ে যদি একগোট হৈ চৰকাৰৰ বিধি-বিধানবোৰ আক্ষৰে আক্ষৰে পালন কৰো তেন্তে কৰোনাযে আমাৰ পৰা বিদায় ল'ব এয়া খাটাং।

হাফিজ বায়েজীদ বোস্তামী

চলভাষঃষঃ ৮৪০৩৯৭৯৪১৭